-->

HSLC SEBA Class 10 Science Chapter 3 Question Answer in Assamese Medium

HSLC SEBA Class 10 Science Chapter 3 Periodic Classification of Elements Question Answer in Assamese Medium

 

Q1.পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয় ।
(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে।
(b) যোজক ইলেক্ট্ৰ'নৰ সংখ্যা বাঢ়ে।
(c) পৰমানুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰ'ন অধিক সহজে হেৰুৱায়।
(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।
Ans:(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্র'ন অধিক সহজে হেৰুৱায়।

 

Q2. মৌল X য়ে XCI2 সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ৷ মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি?
(a) Na (b) Mg (c) Al (d) Si

Ans: (b) Mg.

 

Q3. কোনটো মৌলৰ আছে-
(a) ইলেক্ট্র'নপূৰ্ণ দুটা কক্ষ?
(b) 2. 8. 2 ইলেক্ট্র'নীয় বিন্যাস?
(c) যোজক কক্ষত চাৰিটা ইলেক্ট্ৰ'নৰ সৈতে মুঠ তিনিটা কক্ষ?
(d) যোজক কক্ষত তিনিটা ইলেক্ট্র’নেৰে মুঠ দুটা কক্ষ?
(e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেক্ট্ৰ'ন?

Ans: (a) Ne (2. 8), 

(b) M g (2, 8, 2), 

(c) Si (2, 8, 4) 

(d) B(2. 3), 

(e) C (2, 4)

 

Q4. (a) পৰ্যায়বৃত্ত তালিকাত ব’ৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?
(b) পৰ্যায়বৃত্ত তালিকা ফ্ল'ৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?

Ans: মৌলবোৰৰ যোজক ইলেক্ট্ৰ'ন একেই হ’লে অৰ্থাৎ যোজ্যতা সিহঁতৰ পৰ্যাবৃত্ত তালিকাৰ একেই স্তম্ভ (column)ত থাকে।

 

Q5. এটা পৰমাণুৰ ইলেক্ট্ৰ’নীয় বিন্যাস হ’ল 2, 8, 7
(a) এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি?
(b) তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব?
(বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে) N (7) F (9) P (15) Ar (18)

Ans: (a) মৌলটোৰ পাৰমাণৱিক সংখ্যা হ'ব 17.
(b) F (9), (2. 7) ৰাসায়নিকভাৱে, প্রদত্ত মৌলৰ লগত একেই হ'ব।

 

Q6. পৰ্যায়বৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে।
                      16 বৰ্গ      17 বৰ্গ ৰ
                         -               A
                         -                -
                        B              C
(a) মৌল A ধাতু নে অধাতু?
(b) C মৌলটো A তকৈ বেছি সক্ৰিয় নে কম সক্ৰিয়?
(c) C মৌলটো আকাৰত B তকৈ ডাঙৰ নে সৰু?
(d) মৌল A য়ে কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব?

Ans: (a) 'A' হ'ল অধাতু।
         (b) 'C',  'A' তকৈ কম সক্ৰিয়।
         (c) 'C',  'B' তকৈ আকাৰত সৰু।
         (d) 'A' ধনাত্মক আধান গঠন কৰে, অৰ্থাৎ এনায়ন গঠন কৰে।

 

Q7. নাইট্ৰ’জেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফ’ৰাছ (পাৰমাণৱিক সংখ্যা 15), পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 15ত থাকে। এই মৌল দুটাৰ ইলেক্ট্ৰ’নীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয়?
 

Ans: নাইট্ৰ’জেনৰ পাৰমাণৱিক সংখ্যা-7
ইলেক্ট্ৰ’নীয় বিন্যাস হ'ব-2.5
ফছফ’ৰাছৰ পাৰমাণৱিক সংখ্যা-15
ইলেক্ট্ৰ'নীয় বিন্যাস হ’ব-2.8.5
নাইট্ৰ’জেনৰ যোজন কক্ষ দুটা হোৱাৰ বাবে ই অধিক বিদ্যুৎ ঋণাত্মক, কাৰণ নাইট্ৰ’জেনৰ আকাৰ সৰু হোৱাৰ বাবে অতি সহজে ইলেক্ট্ৰ'ন গ্ৰহণ কৰি বিদ্যুৎ ঋণাত্মক মৌলত পৰিণত হয়।

 

Q8. পৰমাণু এটাই ইলেক্ট্ৰ’নীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে।
Ans: মৌলৰ অৱস্থান, ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাসৰ ওপৰত নিৰ্ভৰ কৰে। যোজক কক্ষৰ সংখ্যা, পৰ্যায় সংখ্যাৰ সমান হয়। যেনে-- যি মৌলৰ যোজক ইলেক্ট্ৰ’নৰ সংখ্যা 1, ই বৰ্গ 1ত অন্তৰ্ভুক্ত হ’ব। যি মৌলৰ যোজক ইলেক্ট্ৰ'নৰ সংখ্যা 2, ই বৰ্গ 2ত অন্তৰ্ভুক্ত হ’ব।

 

Q9. আধুনিক পৰ্যায়বৃত্ত তালিকা কেলছিয়াম (পাৰমাণৱিক সংখ্যা 20) 12, 19,21 আৰু 24 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে। এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে।

Ans: Ca ৰ পাৰমাণৱিক সংখ্যা =20
ইলেক্ট্ৰ’নীয় বিন্যাস = 2.8.8.2
পাৰমাণৱিক সংখ্যা = 12
ইলেক্ট্ৰ'নীয় বিন্যাস  =2.82
পাৰমাণৱিক সংখ্যা =38
ইলেক্ট্ৰ'নীয় বিন্যাস =2.8.8.8.2
এই মৌলকেইটাৰ ৰাসায়নিক ধৰ্ম Ca ৰ ৰাসায়নিক ধৰ্মৰ লগত একেই হ’ব,কাৰণ মৌলবোৰৰ যোজক ইলেক্ট্ৰ'ন সংখ্যা 2.

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post