-->

Assam HS 2nd Year Class 12 Assamese Grammar - কাৰক কাক বোলে? কাৰক কেই প্রকাৰ আৰু কি কি?

Q. কাৰক কাক বোলে? কাৰক কেই প্রকাৰ আৰু কি কি? কাৰক অনুযায়ী কি কি বিভক্তি যোগ হয়, উদাহৰণ দি বুজাই লিখা। Assam HS 2nd Year Class 12 Assamese Grammar Solved Question paper
 

উত্তৰ: ক্ৰিয়াৰ লগত যাৰ সম্বন্ধ সিয়েই কাৰক অৰ্থাৎ ই ক্ৰিয়াৰ কাৰকৰ্তা (কামনিষ্পন্ন হোৱা) সূচনা কৰে। কাৰক ছয় প্রকাৰৰ- ( ১) কৰ্তাকাৰক, (২) কৰ্ম কাৰক, ( ৩) কৰণ কাৰক, (৪) সম্প্ৰদান কাৰক, (৫) অপাদান কাৰক, ( ৬) অধিকৰণ কাৰক ।

 

কৰ্তা কাৰক: কৰ্তা কাৰকত কৰ্তাত প্ৰথমা বিভক্তি হয়। যেনে- ৰামে কিতাপ পঢ়িছে। ইয়াত ‘পঢ়িছে’ ক্ৰিয়াটোৰ কৰ্তা ‘ৰাম’ গতিকে ৰাম কৰ্তা কাৰক। প্রথমা বিভক্তি হৈছে- ৰ,এ, ই।  

 

কৰ্ম কাৰক: কৰ্ম কাৰকত দ্বিতীয়া বিভক্তি হয়। যেনে- ৰামে কিতাপ পঢ়িছে। এই বাক্যত ৰামে ' পঢ়া কামটো হ’ল কিতাপ গতিকে কিতাপখন কৰ্মকাৰক, দ্বিতীয়া বিভক্তি হৈছে- ক।  

 

কৰণ কাৰক: কৰণ কাৰকত তৃতীয়া বিভক্তি ব্যৱহাৰ কৰা হয়। যেনে: সি কুঠাৰেৰে গছ কাটিছে। ইয়াত গছ কটা ত্ৰিয়াটো কুঠাৰেৰে কৰা হৈছে। গতিকে ই কৰণ কাৰক। তৃতীয়া বিভক্তি হৈছে- ৰে,দি, দ্বাৰা। 

 

সম্প্ৰদান কাৰক: সম্প্ৰদান কাৰকত চতুৰ্থী বিভক্তি হয়। যেনে- বামুণক দক্ষিণা দিলোঁ৷ চতুৰ্থী বিভক্তি হৈছে- ক, লৈ।  

 

অপাদান কাৰক: অপাদান কাৰকত ষষ্ঠী বিভক্তি ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি ‘পৰা’ অনুসৰ্গ যোগ কৰা হয়। যেনে- বিদ্যাৰ পৰা জ্ঞান হয়। 

 

অধিকৰণ কাৰক: এই কাৰকত সপ্তমী বিভক্তি হয়। যেনে- পানীত মাছ থাকে।.ইয়াত পানীত পদটোৰ ওপৰত মাছ থাকে ক্ৰিয়া সম্পাদন কৰিছে। গতিকে থাকে ক্ৰিয়াৰ আধাৰ পানীত অধিকৰণ কাৰক।

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post