-->

SEBA HSLC Class 10 Assamese Questions and answers 2020

SEBA HSLC Class 10 Assamese Questions

1. তলৰ যিকোনো দুটাৰ চমু উত্তৰ লিখা :
(ক) 'Growth of the Asamiya Language’ গ্ৰন্থখনৰ লেখক কোন?
(খ) ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?
(গ) পণ্ডিত ৰাহুল সংকৃত্যায়নৰ আচল নাম কি আছিল?
 

2. তলৰ যিকোনো দুটাৰ চমু উত্তৰ লিখা :
(ক) অসমীয়া সংস্কৃতিৰ ধাৰক বুলিলে কোনসকলক বুজায় ?
(খ) চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক’ৰ ক'ৰ পৰা অসমলৈ আহিছিল?
(গ) অজন্তাৰ ছবিবোৰত প্রকাশ পোৱা ভাববস্তু দুটা কি কি?
(ঘ) বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ কিকি?
 

3. তলত দিয়া যিকোনো এটা প্রশ্নৰ উত্তৰ লিখা :
(ক) “ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।” কথাষাৰি পাঠৰ আধাৰত বুজাই লিখা ৷
(খ) “লগে-লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল ।”-- কিহৰ লগে-লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল ? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা ৷
 

4. তলৰ যিকোনো এটা প্রশ্নৰ উত্তৰ দিয়া :
(ক) ‘ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।’-- কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।
(খ) শিক্ষা লাভৰ কালছোৱাত নিউটন কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল বুজাই লিখা ৷ 

 

5. তলৰ যিকোনো দুটাৰ চমু উত্তৰ দিয়া :
(ক) প্ৰিন্সিপিয়া গ্ৰন্থখন কোনে ৰচনা কিৰিছিল? আৰু গ্ৰন্থখন কিমান চনত প্রকাশ হৈছিল?
(খ) কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?
(গ) ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?
 

6. অতি চমু উত্তৰ দিয়া : (যিকোনো তিনিটাৰ)
(ক) অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?
(খ) লৰ্ড কাৰ্জন কোন?
(গ) বুশ্বেৰ কি?
(ঘ) ‘আগা’ শব্দৰ অৰ্থ কি?
 

7. তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা :
(ক) মাউণ্ট এভাৰেষ্টত আৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল?
(খ) প্ৰকৃতিৰ কোনবোৰ নিয়মে পাহিক আকৃষ্ট কৰে?
(গ) মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্বদৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
(ঘ) টেহৰাণৰ বিমান বন্দৰকেইটা আৰু কি কি?
 

8. তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা :
(কে) আতুৰ ভৈলোহো হৰি বিষয় বিকলে ৷কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।।
(খ) সজাৰ মইনাটিৰ অনেক যুগুতি৷
দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি।। 

9. তলৰ যিকোনো এটা প্রশ্নৰ উত্তৰ লিখা :
(ক) ‘জিকিৰ"বোৰক কিহৰ লগত তুলনা কৰিব পাৰি?
(খ) তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটো কি ৰাগত বন্ধা আছে?
(গ) ‘মোমিন’ শব্দৰ অৰ্থ লিখা ৷
 

10. উত্তৰ লিখা :
(ক) বৰগীতৰ দুটা লক্ষণ লিখা ।
(খ) চমুটোকা লিখা : 'জিকিৰ' ।
 

11. ‘প্রশস্তি’ কবিতাটোৰ মূলভাব লিখা ৷ 
                               নাইবা
তাৎপৰ্য লিখা:
জীৱনে মৰণে মই               চিৰদিন অসমীয়া,
                 অসমীয়া দেহ-প্রাণ মন;
জীয়াই থাকোঁতে মই          অসমৰে অসমীয়া,
    মৰিলেও বৰিল'ম অসমৰ অমিয়া মৰণ।।

 

13. (ক) ৰঘুনাথ চৌধাৰীদেৱে লিখা দুখন কবিতা পুথিৰ নাম লিখা৷
        (খ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post