-->

HSLC SEBA Class 10 Science Solutions Chapter 2 Acids Bases and Salts (Assamese Medium)

HSLC SEBA Class 10 Science Solutions Chapter 2 Acids Bases and Salts  (Assamese Medium) Assam Board NCERT Solutions for Class 10 Science.


Q1. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে।ইয়াত pH হ’ব পাৰে-
(a) 1 (b) 4  (c) 5  (d) 10

Ans : (d) 10


Q2. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্রৱটোত থাকে
(a) NaCl  (b) HCI  (c) LiCl  (d) KCl.

Ans : (b) HCl


Q3. NaOH দ্ৰৱ এটাৰ 10ml এ HCl দ্ৰৱ এটাৰ 8ml সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20ml লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ’ব---
(a) 4ml (b) 8ml (c) 12ml (d) 16ml

Ans: (d) 16ml.


Q4. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ?
(a) এণ্টিবায়টিক (b) বেদনানাশক (analgesic) (c) অম্লনাশক (d) বীজাণুবাৰক (antiseptic)
Ans : (c) অম্লনাশক।


Q5. সূচক কাক বোলে ?
Ans : যিবোৰ ৰঞ্জক পদাৰ্থই আম্লিক, ক্ষাৰকীয় আৰু প্ৰশম মাধ্যমত বিভিন্ন ৰং দেখুৱায়, সেইবোৰকে সূচক বোলে।


Q6. দুটা প্রাকৃতিক সূচকৰ নাম লিখা ?
Ans : লিটমাছ আৰু হালধি।


Q7. পিত্তৰসৰ pH মান কিমান ?
Ans : পিত্তৰসৰ pH মান 1.2 (প্ৰায়)।


Q8. আমাৰ শৰীৰে কিমান পৰিসৰৰ pH ভিতৰত কাৰ্য কৰে ?
Ans : 7.0 আৰু 7.8 pH পৰিসৰৰ মাজত ।


Q9. মুখৰ ভিতৰত pHৰ মান কিমান হ’লে দন্তক্ষয়ৰ সূচনা হয়।
Ans : pHৰ মান 5.5তকৈ কমি গ’লে দন্তক্ষয়ৰ সূচনা হয়।


Q10. ব্ৰাইন কি ?
Ans : ব্ৰাইন হ’ল ছডিয়াম ক্লৰাইড (NaCl)ৰ জলীয় দ্ৰৱ।


Q11. প্লাষ্টাৰ অৱ পেৰিছৰ সংকেত লিখা।
Ans : প্লাষ্টাৰ অৱ পেৰিছৰ সংকেত  CaSo4 1/4 H2O


Q12. বেকিং ছ'ডাৰ এটা ঘৰুৱা ব্যৱহাৰ লিখা।
Ans : পাউৰুটি বা কেক্‌ ফুলাই সোপোকা কৰাৰ বাবে বেকিং ছ'ডা ব্যৱহাৰ কৰা হয়।


Q13. বেকিং ছ’ডা আৰু কাপোৰ ধোৱা ছ’ডাৰ ৰাসায়নিক সংকেত লিখা।
Ans : বেকিং ছ’ডা NaHCO3
কাপোৰ ধোৱা ছ’ডা Na2 CO3, 10H2O


Q14. অগ্নি নিৰ্বাপন যন্ত্ৰত কি দ্রব্য ব্যৱহাৰ কৰা হয়।
Ans : বেকিং ছ'ডা।


Q15. ব্লিচিং পাউদাৰৰ সংকেত কি ?
Ans : ব্লিচিং পাউদাৰৰ ৰাসায়নিক সংকেত CaOCl2


Q. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় ?
Ans : পাতিত পানী হ’লে বিশুদ্ধ পানী। ই আয়ন গঠন নকৰে। বৰষুণৰ পানীত এচিড আৰু নানাধৰণৰ অশুদ্ধি থাকে, যি আয়নমুক্ত কৰে। আয়ন মুক্ত নকৰাৰ কাৰণে পাতিত পানী বিদ্যুৎ প্রবাহিত নকৰে কিন্তু বৰষুণৰ পানীৰ মাজেৰে বিদ্যুৎ প্রবাহিত হয়।


Q. পানীৰ অনুপস্থিতিত এচিডে এচিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয় ?
Ans :  পানীৰ অনুপস্থিতিত এচিডে H+ আয়ন এৰি নিদিয়ে কিন্তু এচিডৰ জলীয় দ্ৰৱ H+ আয়ন মুক্ত কৰে। ফলস্বৰূপে, মিশ্ৰিত এচিডৰ মাজেৰে বিদ্যুৎ প্রবাহিত হয়।


Q. পাঁচটা দ্ৰৱ A, B, C, D আৰু Eক pH ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্ৰৱ -
(a) প্ৰশম
(b) তীব্র ক্ষাৰকীয়
(c) তীব্ৰ আম্লিক
(d) মৃদু আম্লিক
(e) মৃদু ক্ষাৰকীয়
হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pH মানবোৰ সজোৱা।
Ans : (a) প্রশম অৰ্থাৎ D
           (b) তীব্ৰ ক্ষাৰকীয় অর্থাৎ C
           (c) তীব্ৰ আম্লিক অর্থাৎ B
           (d) মৃদু আম্লিক অৰ্থাৎ A
           (e) মৃদু ক্ষাৰকীয় অৰ্থাৎ E
হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pH মানবোৰ হ'ব ক্ৰমে 11<9<7<4<1

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post