What is Photosynthesis? সালোক সংশ্লেষণ কি? এই প্ৰক্ৰিয়াত সংঘটিত হোৱা কাৰ্যসমূহ কি কি?

Q: সালোক সংশ্লেষণ কি? এই প্ৰক্ৰিয়াত সংঘটিত হোৱা কাৰ্যসমূহ কি কি? উদ্ভিদে কেনেদৰে কাৰ্বন-ডাই-অক্সাইড অৱশোষণ কৰে লিখা।
উত্তৰ: সেউজীয়া উদ্ভিদে পাতৰ কোষত বহিঃপৰিবেশৰ পৰা কাৰ্বন-ডাই-অক্সাইড আৰু পানী শোষণ কৰি সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিতৰ উপস্থিতিত কাৰ্বহাইড্ৰেট উৎপন্ন কৰে। এই প্রক্রিয়াক সালোক সংশ্লেষণ বোলে।
        
সালোক সংশ্লেষণৰ সময়ত হোৱা তিনিটা মুখ্য ঘটনা হ'ল--
(i) পত্রহৰিতৰ দ্বাৰা পোহৰ শক্তিৰ শোষণ।
(ii) পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰণ আৰু পানীৰ অণুৰ বিশ্লেষণৰ দ্বাৰা হাইড্ৰ’জেন আৰু অক্সিজেনৰ উৎপাদন।
(iii) কাৰ্বন ডাই অক্সাইডক কাৰ্বহাইড্ৰেটলৈ বিজাৰণ।

উদ্ভিদে পত্ৰৰন্ধ্ৰৰ সহায়ত বায়ুমণ্ডলৰ পৰা C02 গেছ ব্যাপন প্রক্ৰিয়াৰে শোষণ কৰে।
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post