NCERT Solutions for Class 9 Science Chapter 1 – Matter in Our Surroundings

NCERT Solutions for Class 9 Science Chapter 1 – Matter in Our Surroundings

আমাৰ চাৰিওকাষৰ বস্তুবোৰ

1.তলৰ কোনবোৰ পদাৰ্থ ?
চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰব্যৰ  সুবাস ।
উত্তৰ:- চকী, বায়ু, বাদাম, ঠাণ্ডা ঠাণ্ডা-পানীয, সুগন্ধি দ্ৰব্যৰ সুবাস ।

2.তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা ।

(a)উওপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পোৱা যায় । কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে ।
উত্তৰ:- গেছৰ ব্যাপনৰ মাএা উষ্ণতাৰ বৃদ্ধিৰ লগে লগে বাঢ়ে । গৰম বস্তুৰ ক্ষেত্ৰত ব্যাপনৰ মাএা বাঢ়ে বাবে বস্তুৰ   গোন্ধ বহু দূৰলৈকে বাঢ়ি যায় । আনহাতে ঠাণ্ডা বস্তুৰ ক্ষেত্ৰত ব্যাপনৰ মাএা কম হয় বাবে গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।

3.এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ (b)পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ ?
উত্তৰ:- পানীৰ অনুসমূহৰ মাজত আকৰ্ষণীয় বল কম হোৱা বাবে ডুবাৰুৱে পানী ফালি সোমাই যাব পাৰে।

4.পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বিলাক কি কি ?
উত্তৰ:- পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য হ'ল-
(১) ইহঁতৰ মাজত খালী ঠাই থাকে।
(২) ইহঁতৰ মাজত আকৰ্ষণীয় বল থাকে।
(৩) ইহঁত সদায় গতি কৰি থাকে।

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post