Tuesday

Assam TET Assamese Language MCQs for Assam TET Exam 2019

Assam TET Assamese Language Paper MCQs for Assam TET Exam 2019 : Dear Reader, We are Provided You Assamese Language Most Important MCQs for Assam TET Exam 2019. All visitors are requested to visit our Website JobsAssam.in for FREE Assam TET Preparation Daily Updates.
Assam TET Assamese Language MCQs for Assam TET Exam 2019

Click here to Join Our Facebook Group For Daily Job Update


অসমীয়া ভাষা আৰু সাহিত্য

1.অসমীয়া ভাষাৰ মূল ভাষা কি ?
উঃ সংস্কৃত।

2.কেতিয়া অসমীয়া ভাষাৰ উদ্ভৱ হয় ?
উঃ নৱম আৰু দশম শতিকাত।

3.অসমীয়া ভাষা এক আৰ্যমূলীয় ভাষা হয়নে ?
উঃ হয়।

4.অসমীয়া ভাষাটো ভাৰতীয় কোন ভাষা গোষ্ঠীৰ অন্তর্গত ?
উঃ আৰ্য ভাষা গোষ্ঠীৰ  অন্তৰ্গত।

5.পশ্চিম অসমত অসমীয়া ভাষাটো কি সুকীয়া নামেৰে পৰিচিত ?
উঃ কামৰূপী ভাষা।

6.অসমীয়া ভাষা-সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় ?
উঃশ্ৰীমন্ত শংকৰদেৱক।

7.অসমীয়া নাট্য সাহিত্যৰ জনক কোন
উঃ শ্ৰীমন্ত শংকৰদেৱ।

8.শংকৰদেৱে তেওঁৰ নাটকসমূহ কি ভাষাত ৰচনা কৰিছিল ?
উঃ অসমীয়া, বঙালী  আৰু সংস্কৃত ভাষা মিশ্ৰিত ‘বজ্ৰাৱলী’ নামে এক কৃত্ৰিম ভাষাত।

9.কোন চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পায় ?
উঃ ১৯৬০ চনত।

10.অসমীয়া চুটিগল্পৰ  পিতৃস্বৰূপ কোন ?
উঃ লক্ষ্মীনাথ বেজবৰুৱা।

11.অসমীয়া ভাষাত ৰচনা কৰা প্রথম পাঠ্যপুথি কোনখন ?
উঃ আনন্দৰাম ঢেকীয়াল ফুকনৰ দ্বাৰা ৰচিত ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ নামৰ কিতাপখনেই অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম পাঠ্যপুথি।

12.অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ কোন ?
উঃ ভট্টদেৱ (বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য)।

13.ভট্টদেৱৰ দ্বাৰা ৰচনা কৰা অসমীয়া গদ্য পুথিখনৰ নাম কি ?
উঃ কথা গীতা।

14. প্রথম অসমীয়া অভিধান কোনে ৰচনা কৰে ?
উঃ আমেৰিকান মিচনেৰী মাইকেল ব্রঞ্চন চাহােব ১৮৬৭ চনত।

15.অসমীয়া ভাষালৈ অনুবাদ কৰা প্রথম ইংৰাজী নাটক কোনখন ?
উঃ উইলিয়াম শ্বেক্সপীয়েৰৰ ‘কমেডি অফ ইৰ’ৰচ’।

16. কোনে ইংৰাজী বাইলেৰ প্রথম অসমীয়া ভাঙনি কৰে ?
উঃ আত্মৰাম শৰ্মাই ১৮৩৩ চনত।

17. অসমীয়া ভাষা লিখনিত কোনে প্রথমে ‘শ্বৰ্ট হেণ্ড’ (Short Hand) পদ্ধতি প্রৱৰ্তন কৰে ?
উঃ ফণী শৰ্মাই।

18. প্রথম অসমীয়া উপন্যাস কোনখন ?
উঃ পদ্মনাথ গোঁহাঞি বৰুৱাৰ দ্বাৰা ৰচিত ‘ভানুমতী’।

19. অসমত বসবাস কৰা কিমান শতাংশ লোকে অসমীয়া ভাষা কয় ?
উঃ ৬০ % লোকে।

20.  শংকৰদেৱৰ  দ্বাৰা ৰচনা কৰা এক অংকযুক্ত নাটকসমূহক কি বুলি কোৱা হয় ?
উঃ অংকীয়া নাটক।




21.  ‘জ্ঞানপীঠ বঁটা’ লাভ কৰা প্রথম অসমীয়া পুথি কোনখন ?
উঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃতুঞ্জয়’ নামৰ উপন্যাসখন।

22. ‘মৃতুঞ্জয়’ উপন্যাসখনে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰে ?
উঃ ১৯৭৯ চনত।

23. সাহিত্য একাডেমী বঁটা লাভ কৰা প্রথম অসমীয়া পুথি কোনখন ?
উঃ যতীন্দ্ৰনাথ দুৱৰাৰ ‘বনফুল’।

24. বনফুল পুথিখনে কোন চনত সাহিত্য একাডেমীৰ পুৰস্কাৰ লাভ কৰে ?
উঃ ১৯৫৫ চনত।

25. অসমত মঞ্চস্থ হোৱা প্রথম ভাওনা বা অংকীয়া নাটক কোনখন ?
উঃ শংকৰদেৱৰ ‘চিহ্নযাত্ৰা’।

26. অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে গঠিত হোৱা সন্থাটোৰ নাম কি ?
উঃ অসম সাহিত্য সভা।

27. অসম সাহিত্য সভাই প্রকাশ কৰা প্রথম অসমীয়া অভিধান কোনখন ?
উঃ চন্দ্ৰকান্ত অভিধান।

28. কোনে ওমৰ খৈয়ামৰ ‘ৰুবায়ত’ নামৰ পুথিখন অসমীয়ালৈ  অনুবাদ কৰে ?
উঃ যতীন্দ্ৰনাথ দুৱৰাই।

29. সংগীতৰ ওপৰত ৰচনা কৰা প্রথম অসমীয়া পুথি কোনখন ?
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচনা কৰা ‘সংগীত কোষ’ নামৰ পুথিখন।

30. ‘শোণিত কুঁৱৰী’ নাটকখনৰ ৰচক কোন ?
উঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

31. হিন্দী ভাষালৈ অনুদিত হোৱা প্রথম অসমীয়া গ্রন্থ কোনখন ?
উঃ চিত্ৰ ভাগৱত।

32. ‘উত্তৰাকাণ্ড  ৰামায়ণৰ’ অসমীয়া অনুবাদ কোনে কৰিছিল ?
উঃ শ্ৰীমন্ত শংকৰদেৱে।

33. অসমীয়া ভাষাত সৰ্বাধিক কিতাপ ৰচনা কৰা সাহিত্যিকজন কোন ?
উঃ ৰঞ্জু  হাজৰিকা।

34. ‘চি-ইউ-কি’ নামৰ পুথিখনৰ ৰচক কোন ?
উঃ হিউয়েনচাং।

35. অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্রথম অসমীয়া নাটক কোনখন ?
উঃ বীণ বৰাগী।

36. সংস্কৃত ‘ৰামায়ণ’খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ?
উঃ মাধৱ কন্দলিয়ে।

37. Grammatical Notes of the Assamese Language নামৰ পুথিখন কোনে ৰচনা কৰিছিল ?
উঃ নাথান ব্রাউন ।

38. অসমীয়া ভাষাত ৰচিত প্রথম বুৰঞ্জীমূলক পুথি কোনখন আৰু ইয়াৰ ৰচক কোন ?
উঃ ‘অসম বুৰঞ্জী’ আৰু ইয়াৰ ৰচক দুজন হ’ল – ৰাধানাথ বৰবৰুৱা আৰু কাশীনাথ তামুলী ফুকন।

39. সংস্কৃত ‘মহাভাৰত’খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ?
উঃ ৰাম সৰস্বতী।

40. ‘চৰিত পুথি’ কি ?
উঃ বৈষ্ণৱ ধৰ্ম প্ৰচাৰক বা বৈষ্ণৱ ধৰ্মগুৰুসকলৰ জীৱনৰ ওপৰত ৰচিত এক প্ৰকাৰৰ জীৱনীমূলক সাহিত্যক ‘চৰিত পুথি’ বুলি কোৱা হয়।

41. ‘সূৰ্য সিদ্ধান্ত’ পুথিখনৰ ৰচক কোন ?
উঃ কবিৰাজ চক্ৰৱৰ্তী।

42. মামণি ৰয়চম গোস্বামীয়ে কেতিয়া জ্ঞানপীঠ বঁটা লাভ কৰিছিল?
উত্তৰ : ২০০১ চনত ।

43.. অসমীয়া ভাষাই কেতিয়া ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল ?
উত্তৰ : ১৮৪৬ চনত ।

44. প্ৰথম অসমীয়া ছনেট পুথিখন কি?
উত্তৰ : প্ৰিয়তমাৰ চিঠি ।

45.. প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি?
উত্তৰ :প্ৰহ্লাদ চৰিত ।

46. কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল?
উত্তৰ : দিলীপ কুমাৰ দত্ত ।

47. মহাপুৰুষ শংকৰদেৱে কেইখন অংকীয়া নাট লিখিছিল ?
উত্তৰ : ৬ খন ।

48. প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি?
উত্তৰ : অসমীয়া পুথিৰ  তালিকা ।

49. অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল ?
উত্তৰ : খ্ৰীষ্টীয় নৱম দশম শতিকাত ।


আগলৈ….
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post