Wish you all the best in your exam HSLC SEBA Class 10 Science Solutions Chapter 1 (Assamese Medium)

HSLC SEBA Class 10 Science Solutions Chapter 1 (Assamese Medium)

HSLC SEBA Class 10 Science Solutions Chapter 1 - Chemical Reactions and Equations (Assamese Medium) Assam Board NCERT Solutions for Class 10 Science
HSLC SEBA Class 10 Science Solutions Chapter 1  (Assamese Medium)

(প্ৰথম অধ্যায়) ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations)

1. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?
2PbO(s) + C(S) ----> 2Pb(S) + CO,(g)
(a) লেড বিজাৰিত হৈছে।
(b) কাৰ্বনডাই অক্সাইড জাৰিত হৈছে।
(c) কাৰ্বন জাৰিত হৈছে।
(i) (a) আৰু (b)
(ii) (a) আৰু (c)
(iii) (a), (b) আৰু (c)
(iv) সকলো
Ans: অশুদ্ধ উক্তিবোৰ হ’ল (i) (a) আৰু (b)

2. Fe203+2Al—> Al2O3+2Fe.
ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ
(a) এটা সংযোজন বিক্ৰিয়া
(b) এটা দ্বিঅজপসৰণ বিক্ৰিয়াৰ
(c) এটা অপসৰণ বিক্ৰিয়াৰ
Ans: (c) এটা অপসৰণ বিক্ৰিয়াৰ।

3. কি ঘটে যেতিয়া লঘু hydrochloric acid লোৰ গুৰিত যোগ কৰা হয় ?
 শুদ্ধ উত্তৰটোত টিক চিন দিয়া।
(a) হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়৷ |
(b) ক্লৰিণ গেছ আৰু আইৰন হাইড্ৰ'ক্সাইড উৎপন্ন হয়।
(c) বিক্ৰিয়া নঘটে।
(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।
Ans: শুদ্ধ উত্তৰ (a)

4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি?
ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে।
Ans: ৰাসায়নিক সমীকৰণ এটাক বিক্ৰিয়াটোত থকা পদাৰ্থসমূহৰ চিহ্ন আৰু সংকেতেৰে মাথোন প্রকাশ কৰিলে ইয়াক জঁকা সমীকৰণ বোলে।
জঁকা সমীকৰণ এটা সাধাৰণতে সমতুল হৈ নাথাকিবও পাৰে। সমীকৰণ এটাৰ কাড় চিন বা সমান চিন ডালৰ দুয়োফালে প্ৰত্যেকবিধ পৰমাণু সংখ্যা সমান হৈ থাকিলে ইয়াক সমতুল সমীকৰণ (Balance Equation) বুলি কোৱা হয়।
ৰাসায়নিক বিক্ৰিয়াত কোনো পৰমাণুৰ সৃষ্টি বা ধ্বংস নহয়, সিহঁতৰ স্থানৰহে সালসলনি হয়। সেইবাবে সমীকৰণৰ বাঁওফালৰ বিভিন্ন পৰমাণুবিলাকৰ মুঠ সংখ্যা সোঁফালৰ বিভিন্ন পৰিমাণুবিলাকৰ মুঠ সংখ্যাৰ সমান হ’ব লাগিব।
2H2 +O2----> 2H2O
ওপৰৰ সমীকৰণটোত হাইড্ৰ’জেন পৰমাণুৰ সংখ্যা সমান চিনৰ দুয়োফালে একে। তেনেদৰে অক্সিজেন পৰমাণু সংখ্যাও একে।

5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সম্তলন কৰা।
(a) হাইড্ৰ’জেন গেছে নাইট্ৰজেনৰ সৈতে লগ হৈ এমনিয়া প্ৰস্তুত কৰে।
(b) হাইড্ৰজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।
(c) বেৰিয়াম ক্ল'ৰাইডে এলুমিনিয়াম ছালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল'ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।
(d) পটেছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ'ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
Ans: (a) 3H2(g)+ N2(g) ----->2NH3(g)
(b) 2H2S+3O2(g)---> 2H2O(l) + 2SO2(g)
(c)  3BaCl2(aq)+Al(SO4)3(aq) + 2AlCI3 (aq) +3BaSO4 (S)
(d) 2K(S)+2H2O(l) > 2KOH + H2(g)

6. তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া।
Ans : যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবৰ্জী বিক্ৰিয়া বোলা হয়। উদাহৰণ : CH4(g)+2O2(g) ---> CO2(g)+2H2O(g)
যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় তেনেবোৰ বিক্রিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলা হয়।  উদাহৰণ :
2AgBr(S) -->সূৰ্যৰ পোহৰ -->2Ag(S) + Br2 (g)
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post